![]()
নিউজ ডেস্কঃ
কাছাৰৰ কাটিগৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷কাছাৰ- মিজোৰাম ফ্ৰন্টিয়াৰ বিএছএফৰ ১নং বেটেলিয়ন আৰু ডি আৰ আই ৰ যুটীয়া অভিযানত গুমৰাৰ পৰা গাঞ্জা জব্দ কৰা হয়৷৷
বিচি ০১জিচি- ৯৩৮৫ নম্বৰৰ ট্ৰাকৰ পৰা জব্দ ৩ (তিনি) কুইন্টল ৬০ কিলোগ্ৰাম গাঞ্জা ৷ ট্ৰাকৰ গোপন কেবিনত ৪৮ টা পেকেটত লুকুৱাই আনিছিল গাঞ্জাখিনি ৷ গাঞ্জা খিনিৰ মূল্য ৫৪ লাখ টকা হব বুলি সদৰী কৰিছে বিএছএফে ৷ ত্ৰিপুৰাৰ পৰা বিহাৰলৈ নিয়াৰ কথা আছিল বুজন পৰিমাণৰ গাঞ্জা খিনি ৷ গাঞ্জাৰ সৈতে ট্ৰাকৰ চালক জনকো আটক কৰা হয় ৷ চালক জনৰ ঘৰ বিহাৰত ৷













