![]()
নিউজ ডেস্কঃ
২০২১ চনৰ আৰম্ভণিতে দেশত বিয়পি পৰিছিল কোভিডৰ দ্বিতীয় ঢৌ।
ডেল্টা ঢৌত ভাৰতত প্রাণ হেৰুৱাইছিল প্রায় ২ লক্ষ ৪০ হাজাৰ লোকে। ৰাষ্ট্ৰসংঘৰ আশঙ্কা, দেশত পুনৰ এই ভয়ঙ্কৰ পুনৰাবৃত্তি হ’ব পাৰে। এই সন্দৰ্ভত এক ৰিপোর্ট দাখিল কৰিছে ৰাষ্ট্রসঙ্ঘই। ৱর্ল্ড ইকনমিক ছিচুৱেচনছ এণ্ড প্রছপেক্ট (২০২২) শীর্ষক ৰিপোর্টত কোৱা হৈছে, ২০২১ চনৰ এপ্রিলৰ পৰা জুন পর্যন্ত চলিছিল এই ডেল্টা ঢৌ। তাত ক্ষতিগ্রস্ত হৈছিল ভাৰতৰ আর্থিক বৃদ্ধি।
ৰাষ্ট্রসঙ্ঘৰ আশঙ্কা, শীঘ্ৰেই পুনৰ এই ধৰণৰ ঘটনা হ’ব পাৰে। ৰাষ্ট্রসঙ্ঘৰ ইকনমিকেল আৰু ছচিয়েল এফেয়াৰ বিভাগৰ আণ্ডাৰ ছেক্রেটেৰী জেনেৰেল লিউ ঝেনমিনৰ মতে, বিশ্বৰ সকলো দেশৰ মানুহে টীকা নাপালে এনে ধৰণৰ মহামাৰীৰ ঢৌ আহিয়েই থাকিব। আৰু তাৰ ফলত ক্ষতিগ্রস্ত হ’ব ইখনৰ পিছত আনখন দেশৰ অর্থনীতি।
ৰিপোর্টত জনোৱা মতে, আর্থিক দিশৰ পৰা এই মহামাৰীৰ ফলত সকলোতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে দক্ষিণ এছিয়া।













