![]()
মনোৰঞ্জনঃ
বলীউডৰ অভিনেতা হৃত্বিক ৰোশন আৰু আমিশা পেটেলৰ কেমেষ্ট্ৰীয়ে তেওঁলোকৰ প্ৰথমখন ছবিৰ পিছৰ পৰাই বলীউডত বহুল হাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল, যাৰ প্ৰভাৱ আজিও ইণ্ডাষ্ট্ৰীত চলি আছে। ২০০০ চনৰ ১৪ জানুৱাৰী অৰ্থাৎ ২২ বছৰ পূৰ্বে ‘কহো না প্যাৰ হে’ শীৰ্ষক ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখন দুয়োৰে বাবে প্ৰথমখন আছিল। আমিশা পেটেলে নিজ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলৰ সৈতে শ্বুটিঙৰ দিনবোৰৰ এখন নেদেখা ফটো শ্বেয়াৰ কৰিছে।
অভিনেত্ৰী আমিশা পেটেলে বৰ্তমান ছানী দেওলৰ সৈতে তেওঁৰ আহিবলগীয়া ছবি ‘গদাৰ ২’ ৰ দৃশ্যগ্ৰহণ কৰি আছে। তেওঁ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰে, য’ত “কহো না প্যাৰ হে” ৰ অভিনেত্ৰী গৰাকী বয়স ২২ বছৰীয়া আছিল।
আমিশাই ফটোখন শ্বেয়াৰ কৰি লিখে যে, “সময় এনেকৈয়ে পাৰ হয় যায়। মই বৰ্তমান “গদাৰ ২” ৰ শ্বুটিং কৰি আছোঁ। ফটোখনত হৃত্বিক আৰু মই নিউজিলেণ্ডত দৃশ্যগ্ৰহণ কৰি আছিলোঁ। “কহো না প্যাৰ হে” ছবিখনে আজি ২২ বছৰ সম্পূৰ্ণ কৰিলে।
আমিশা পেটেল, হৃত্বিক ৰোশনৰ উপৰিও উক্ত ছবিখনত অনুপম খেৰ, ফৰিদা জালাল, সতীশ সাহৰ দৰে কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই অভিনয় কৰিছিল।













