![]()
মনোৰঞ্জনঃ
বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী মালাইকা আৰোৰাৰ ব্ৰেকআপৰ খবৰে খলকনি তুলিছে ছ’চিয়েল মিডিয়াত। তাৰকাদ্বয়ে শেহতীয়াকৈ এই সকলো তথ্যক অপবাদ বুলি ঘোষণা কৰে। আনহাতে মালাইকা আৰোৰাই এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “২৫-৩০ বয়সৰ পিছত প্ৰেম কেতিয়াও শেষ নহয়। আপুনি আপোনাৰ জীৱন কেনেদৰে জীয়াই থাকিব বিচাৰে?”
https://www.instagram.com/arjunkapoor/p/CYoT_TKI0MT/?utm_medium=copy_link
মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে ইনষ্টাগ্ৰাম ষ্টেটছত এটা পোষ্ট শ্বেয়াৰ কৰে, যিটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। তেওঁ কয় যে, “নহয় কিন্তু সঁচাকৈয়ে। ৪০ বছৰ বয়সত, আপুনি প্ৰেম লাভ কৰাটোক স্বাভাৱিক কৰক। ৩০ বছৰ বয়সত সপোন দেখা আৰু নতুন সপোন বিচাৰি উলিওৱা স্বাভাৱিক কৰক। ৫০ বছৰ বয়সত আপোনাৰ জীৱনৰ উদ্দেশ্য প্ৰাপ্ত কৰা আৰু নিজকে বিচাৰি উলিওৱাটো স্বাভাৱিক কৰক। ২৫ বছৰ বয়সৰ পিছত জীৱন শেষ নহয়।”
অৰ্জুন কাপুৰে অলপতে মালাইকা আৰোৰাৰ সৈতে এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল যেতিয়া ব্ৰেকআপৰ বাতৰি প্ৰকাশ পাইছিল। একে সময়তে তেওঁ লিখিছিল, ‘উৰাবাতৰিৰ কোনো অৱকাশ নাই। সুৰক্ষিত থাকিব। সুখী হওক। জনসাধাৰণলৈ শুভেচ্ছা।”













