![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাযত দেশত কোভিডত আক্রান্ত হৈছে ২ লক্ষ ৬৮ হাজাৰ ৮৩৩ জন। সমান্তৰালভাৱে বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও। দেশত বৰ্তমান সক্রিয় ৰোগীৰ সংখ্যা ১৪ লক্ষ ১৭ হাজাৰ ৮২০। পজিটিভিটি হাৰ ১৬.৬৬ শতাংশ। উল্লেখ্য, প্রতিদিনেই সংক্রমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। যাৰ ফলত উদ্বেগ ক্রমশ বাঢ়িছে। সুস্থতাৰ হাৰ হৈছে ৯৪.৮৩ শতাংশ। আনহাতে, দেশত ওমিক্রন আক্রান্তৰ সংখ্যা হৈছে ৬ হাজাৰ ৪১।
সকলোতকৈ শোচনীয় অৱস্থা মহাৰাষ্ট্র, পশ্চিমবঙ্গ, কর্ণাটক, তামিলনাডু, দিল্লীত। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত নতুনকৈ আক্রান্ত ৪৩ হাজাৰ ১১১ জন। সক্ৰিয় ৰোগীৰ হিচাবত দ্বিতীয় স্থানত পশ্চিমবঙ্গত আক্ৰান্ত ২৩ হাজাৰ ৬৪৫ জন।
দেশত বিগত ২৪ ঘণ্টাত কৰোনাত মৃত্যু হৈছে ৪০২ জনৰ। সুস্থ হৈ উঠিছে ১ লক্ষ ২২ হাজাৰ ৬৮৪ জন।













