![]()
নিউজ ডেস্কঃ
অলপৰ বাবে প্রাণৰক্ষা পৰিল শতাধিক লোকৰ। কেইমুহূৰ্তমানৰ বাবে মুখামুখী সংঘৰ্ষৰ পৰা ৰক্ষা পৰিল ভাৰত অভিমুখী দুই বিমান। ডুবাই এয়াৰপোর্টৰ ৰানৱেত মুখামুখী সংঘৰ্ষৰ সন্মুখীন হৈছিল এমিৰেটছ কোম্পানীৰ দুই বিমান। বৃহৎ দুর্ঘটনাৰ পৰা সৌভাগ্যক্রমে ৰক্ষা পৰে বিমান দুখন। ডুবাইৰ পৰা হায়দৰাবাদগামী ইকে-৫২৪ বিমানখনে টেক অফ কৰাৰ কথা আছিল নিশা ৯.৪৫ বজাত।
ঠিক ৫ মিনিট পিছতেই ডুবাইৰ পৰা বেঙ্গালুৰুগামী ইকে-৫৬৮ বিমানখন ৰাওনা হোৱাৰ কথা আছিল। এই দুয়োখন বিমানেই একেই ৰানৱেত আহি পৰে। ডুবাই-হায়দৰাবাদ বিমানখন নির্ধাৰিত সময়ত ৩০আৰ ৰানৱেত উপস্থিত হয়। টেক অফ কৰিবলৈ গৈ বিমানখনৰ ক্রু-মেম্বাৰসকলে লক্ষ্য কৰে আন এখন বিমান একেই দিশৰ পৰা আগবাঢ়ি আহিছে প্রবল গতিত। তৎক্ষণাৎ এয়াৰ ট্রেফিক কন্ট্রোলৰ তৰফৰ পৰা টেক অফ বাতিল কৰা হয়।
হায়দৰাবাদগামী বিমানখনে গতি কমাই টেক্সিৱে এন৪লৈ আঁতৰি যায়। এটিচিৰ হস্তক্ষেপৰ পিছত বেঙ্গালুৰুগামী বিমানখনে আগতে উৰা মাৰে। তাৰ কিছু সময় পিছতে টেক অফ কৰে হায়দৰাবাদগামী বিমানখন। এই ঘটনা ৯ জানুৱাৰীৰ। এমিৰেটছৰ তৰফৰ পৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।













