![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ মোৰাঝাৰত তালিবানী শাস্তি এগৰাকী কিশোৰক। ৰচিৰে হাত ভৰি বান্ধি তালিবানৰ দৰে শাস্তি দিলে কিশোৰগৰাকীক। তালিবানী শাস্তিৰ বৰ্বৰতাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্য। তালিবানী শাস্তি প্ৰদান কৰা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত ওলাই আহিল শ শ ৰাইজ। মোৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে কিশোৰগৰাকীৰ পিতৃ ইউচুফ আলীয়ে।
নিশা এগৰাকী মহিলাই ফোন কৰি নিছিল কিশোৰগৰাকীক। তাৰ পাছতেই মহিলাগৰাকীৰ আটাইকেইজন সদস্যই মিলি কিশোৰগৰাকীৰ হাত ভৰি বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰে। চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হোৱাত প্ৰাণ ৰক্ষা পৰে কিশোৰটোৰ৷
কিশোৰগৰাকীৰ হতুৱাই কাম কৰাইছিল পৰিয়ালটিয়ে৷ এই টকা পৰিশোধ কৰিবলৈ মাতি নি এনে মৰেল পুলিচিং ৷ অৱশ্যে স্থানীয় একাংশ লোকে ঘটনাটি ঘাপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছিল৷ তাৰ মাজতে আজি এই কিশোৰক হাত-ভৰি বান্ধি ৰডেৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ বিডিঅ ভাইৰেল হোৱাত লাগিল হুলস্থূল৷
সকোলোৱে একমুখে জনাইছে নিন্দা সমান্তৰালভাৱে স্থানীয় ৰাইজে দৰিদ্ৰ পৰিয়ালৰটিৰ কিশোৰটোৰ ন্যায় প্ৰদানৰ দাবীত উলাই আহে৷ পৰিয়ালটিৰ কাষত থিয় হৈ শতাধিক ৰাইজে মোৰাঝাৰ আৰক্ষীক উচিত তদন্ত কৰি আইনী ব্যৱস্থা লবলৈ দাবী জনায়৷
ইতিমধ্যে মোৰাঝাৰ থানাত কিশোৰটোৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে৷












