![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইতো দালালৰ বিৰুদ্ধে সৰৱ হোজাই আৰক্ষী। মাটিৰ দালালৰ পিছত আটক তিনি এজাহাৰ লিখা দালাল। লোক তিনিজন ক্ৰমে- ৰণধীৰ দে,পৰীক্ষিত দেৱনাথ, আবুল হুছেইন। তিনিজনকে হোজাই আৰক্ষীয়ে নিজা ঘৰৰ পৰা আটক কৰে। বহু দিন ধৰি তিনিওজনে থানাৰ বাহিৰত এজাহাৰ লিখি দালালি কৰি আহিছিল।
আনহাতে, আকৌ লংকা আৰক্ষীয়ে আন এজন দালালক আটক কৰে। লংকা আৰক্ষীয়ে আটক কৰা দালাল জনৰ নাম আহমেদ আলী। বৰ্তমান হোজাই আৰু লংকা আৰক্ষীয়ে চাৰিজন দাদালক আটক কৰিছে।












