![]()
বিশেষ প্ৰতিনিধিঃ
মৰিয়নি : কৰ’ণাই পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰাৰ পৰিপ্ৰেক্ষিতত মৰিয়নি যুৱ সমাজৰ দ্বাৰা অনুষ্ঠিতব্য নাট সমাৰোহ বাতিল কৰা হৈছে। উল্লেখ্য যে, মৰিয়নি যুৱ সমাজে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি অহা ২০, ২১ আৰু ২২ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মৰিয়নি বাপুজী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল নাট সমাৰোহৰ। কিন্তু সাম্প্ৰতিক কভিড পৰিস্থিতিৰ এছঅ’পি অনুসৰি উক্ত নাট সমাৰোহখনি বাতিল কৰা হৈছে।
আজি মৰিয়নি যুৱ সমাজৰ সভাপতি বিপ্লৱ ধৰ আৰু সম্পাদকদ্বয় সঞ্জয় খাউন্দ আৰু অপৰাজিৎ শইকীয়া স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ যে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আয়োজিত এক কাৰ্যনিৰ্বাহক সভাই নাট সমাৰোহখনি নিৰ্ধাৰিত সময়ত বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰিস্থিতি স্বাভাৱিক হ’লে পৰৱৰ্তী সময়ত নাট সমাৰোহখনি আয়োজন কৰা হ’ব বুলিও প্ৰেছ বিজ্ঞপ্তিখনত প্ৰকাশ।
উল্লেখ্য যে যোৰহাট জিলা প্ৰশাসন তথা তিতাবৰ মহকুমা প্ৰশাসনে শেহতীয়া কভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ অনুমতিত জৰুৰী নিষেধাজ্ঞা প্ৰদান কৰিছে।













