![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ হীৰাবস্তিত সেনা জোৱানৰ মৃতদেহ নিজ ঘৰ আহি পোৱাৰ ল’গে ল’গে শোকাকুল পৰিবেশ । মৃতদেহৰ সন্মুখত কান্দোনত ভাঙি পৰিল আত্মীয়। অগনন লোকৰ সমাগম। ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে দাহন কাৰ্য সম্পন্ন কৰা হয় সেনা জোৱান মিলন দাসৰ। সন্ধিয়া পাঁচ বজাত হোজাইৰ বাহগৃহত উপস্থিত হয় মিলন দাসৰ নস্বৰদেহ। কৰ্মৰত অৱস্থাত যোৱা কালি সৈনিক দিৱসৰ দিনা পশ্চিমবংগত পেৰেদৰ সময়ত ধলি পৰিছিল CRPF জোৱান জন। হাৰ্টএটেক হৈ মৃত্যু হৈছিল CRPF জোৱান মিলন দাস। 43 বছৰ বয়সত মৃত্যুক সাঁৱতি লয় মিলনে।












