![]()
নিউজ ডেস্কঃ
কথক নৃত্যৰ ‘মহাৰাজ’ আৰু নাই। দেওবাৰে নিশা হৃদৰোগত আক্রান্ত হৈ প্রয়াত হ’ল কিংবদন্তি শিল্পী পণ্ডিত বিৰজু মহাৰাজ। মৃত্যুৰ সময়ত তেওঁৰ ৮৩ বছৰ বয়স হৈছিল। একাধাৰে নৃত্য, তবলা আৰু কণ্ঠসঙ্গীতত সমান পাৰদর্শী আছিল বিৰজু। ছবিও আঁকিছিল তেওঁ।
দেওবাৰে নিশা নাতিৰ সৈতে খেলি থাকোতেই হঠাৎ অসুস্থবোধ কৰে তেওঁ। লগে লগে তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। তাতেই হৃদৰোগ আক্রান্ত হৈ মৃত্যু হয় তেওঁৰ। সম্প্রতি তেওঁৰ কিডনিৰ অসুখ ধৰা পৰিছিল। ডায়ে লাইছিছ চলি আৰছিল।
কথকৰ ‘মহাৰাজ’ পৰিয়ালত জন্ম তেওঁৰ। সাত পুৰুষ ধৰি তেওঁলোকৰ পৰিয়ালত কথকৰ চর্চা। তেওঁৰ দুই খুড়াক শম্ভু মহাৰাজ আৰু লচ্ছু মহাৰাজ আছিল বিখ্যাত শিল্পী। পিতৃ অচ্চন মহাৰাজেই আছিল বিৰজুৰ গুৰু।
শাস্ত্রীয় সঙ্গীতৰ একাধিক ধাৰাৰ সৈতে যেনেদৰে যুক্ত আছিল, তেনেদৰেই বহু ছবিত কৰিওগ্রাফাৰৰ কামো কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য সত্তৰ দশকৰ মাজভাগৰ সত্যজিৎ ৰায়ৰ ‘শতৰঞ্জ কি খিলাড়ি’ৰ কৰিওগ্রাফি।













