![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কোভিডত আক্রান্ত হৈছে ২ লক্ষ ৫৮ হাজাৰ ৮৯ জন। অৱশ্যে আগদিনাতকৈ কিছু কম। কিন্তু উদ্বেগ বঢ়াই বাঢ়িল পজিটিভিটি হাৰ। ১৬.২৮ শতাংশৰ পৰা একেকোবে ৩ শতাংশ বৃদ্ধি হৈ দৈনিক পজিটিভিটি হাৰ হ’ল ১৯.৬৫ শতাংশ। আনহাতে, সক্রিয় ৰোগীৰ সংখ্যা বাঢ়ি হ’ল ১৬ লক্ষ ৫৬ হাজাৰ ৩৪১। যিটো মুঠ আক্রান্তৰ ৪.৪৩ শতাংশ। সুস্থতাৰ হাৰ আৰু কিছু কমি হৈছে ৯৪.২৭ শতাংশ।
ইফালে বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ১ লক্ষ ৫১ হাজাৰ ৭৪০ জন। মৃত্যু হৈছে ৩৮৫ জনৰ। সৰ্বাধিক সংক্ৰমিত ৰাজ্যবোৰ হৈছে ক্ৰমে মহাৰাষ্ট্র, কর্ণাটক, তামিলনাডু, দিল্লী, কেৰালা, উত্তৰ প্রদেশ, পশ্চিমবঙ্গ, ওড়িশা, গুজৰাট। উক্ত ৰাজ্যকেইখনত দৈনিক সংক্রমণ ১০ হাজাৰৰ বেছি। উল্লেখযোগ্য যে বৰ্তমান দেশত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা হৈছে ৮ হাজাৰ ২০৯।













