![]()
নিউজ ডেস্কঃ
আইপিএছ সাজি নির্মাণকাৰ্যৰ আবন্টন দিয়াৰ নামত ব্যৱসায়ীসকলৰ পৰা দিনৰ পিছত আদায় কৰি আছিল ধন। প্রতাৰণাৰ অভিযোগত হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ এজন বিএছএফ বিষয়া। অভিযুক্তৰ ঘৰত তালাচী চলাবলৈ গৈ হতভম্ব আৰক্ষীও! উদ্ধাৰ হয় নগদ ১৪ কোটি টকা, এক কোটি টকাৰ সোণৰ গহনা আৰু বিএমডব্লিউ, মাৰ্চিডিছসহ সাতখন বিলাসী গাড়ীও।
অভিযুক্তৰ নাম প্রবীণ যাদব। গুৰুগ্রামৰ মানেসৰত ‘নেচনেল চিকিউৰিটি গার্ড’ (এনএছজি)ৰ সদৰ কাৰ্যালয়ত নিৰাপত্তাৰ দায়িত্বত আছিল বিএছএফৰ ডেপুটি কমাণ্ডেণ্ট প্রবীণ। তেওঁৰ বিৰুদ্ধে সকলো মিলাই প্রায় ১২৫ কোটি টকাৰ প্রতাৰণাৰ অভিযোগ উঠিছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্রবীণক। লগতে গ্ৰেপ্তাৰ হৈছে পত্নী মমতা যাদব আৰু ভগ্নী ঋতু।
আৰক্ষীয়ে জনোৱা মতে, আইপিএচ বিষয়া বুলি কৈ এনএছজিৰ কেম্পাছত নির্মাণকাৰ্যৰ ঠিকা দিয়াৰ নামত কোটি কোটি টকা উঠাইছিল প্রবীণ যাদবে। তাৰ পিছত উক্ত টকা এনএছজিৰ নামত এটি ভুৱা একাউন্টলৈ পঠাইছিল তেওঁ। এই কামত তেওঁক সহায় কৰিছিল এটি ব্যক্তিগত বেঙ্কৰ মেনেজাৰ ভগ্নীয়ে।













