![]()
নিউজ ডেস্কঃ
ক’ৰনা ভেকচিন লোৱাতো বাধ্যতামূলক নহয়।উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই শপতনামা। কেন্দ্ৰই ন্যায়ালয়ক দাখিল কৰা শপতনামা তথা তথ্য অনুসৰি কোনো ব্যক্তিক যোৰ-জুলুম কৰি দিয়া নাই ভেকচিন।
উল্লেখ্য কেন্দ্ৰই দাখিল কৰা তথ্য মতে অনুমতি অবিহনে দিয়া নহয় ভেকচিন। ভেকচিন ল’ব নে নাই সেইয়া নিজৰ কথা।ইচ্ছা বিৰুদ্ধে কোনো ব্যক্তিক ভেকচিন প্ৰদান কৰা হোৱা নাই।
আনহাতে, ভেকচিন প্ৰমাণপত্ৰ লৈ ফুৰা বা দেখুৱাটো সকলো ক্ষেত্ৰত বাধ্যতামূলক নহয়- বুলিও কেন্দ্ৰৰ তথ্যত স্পষ্টকৈ উল্লেখ কৰিছে।













