![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা প্ৰতি সঁহাৰি জনায় অসম প্ৰদেশ কংগ্ৰেছ দলৰ মস্তিষ্ক মন্থন অধিৱেশন সাময়িকভাৱে স্থগিত। ২৪-২৬জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হোৱা কথা আছিল অধিৱেশন। এই কথা এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
আনহাতে, ক’ৰনা পৰিৱেশ স্বাভাৱিক হলে অধিৱেশনৰ পৰৱৰ্তী দিন ঘোষণা কৰা হব বুলিও বিজ্ঞপ্তিখনত উল্লেখ আছে।













