![]()
নিউজ ডেস্কঃ
পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন পিছুৱালে নির্বাচন আয়োগে। ১৪ ফেব্রুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নির্বাচন।
১৬ ফেব্রুৱাৰীত গুৰু ৰবিদাস জয়ন্তী হোৱাৰ বাবে একাধিক ৰাজনৈতিক দলে নিৰ্বাচন আয়োগৰ ওচৰত নির্বাচন পিছুৱাই দিয়াৰ আবেদন জনায়। উক্ত দাবীৰ পৰিপ্ৰেক্ষিততে দেওবাৰে এক বৈঠক অনুষ্ঠিত কৰে নিৰ্বাচন আয়োগে। উক্ত বৈঠকৰ পিছতেই আয়োগে এই দিন পৰিবর্তনৰ কথা জনাইছে।
উল্লেখ্য, ইয়াৰ পূৰ্বে পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ সিংহ চান্নিয়ে আয়োগক নির্বাচন পিছুওৱাৰ আবেন জনায়। বিজেপি, বিএছপিৰ প্রতিনিধিসকলেও আবেদন জনাইছিল। উক্ত দাবী মানিয়েই পঞ্জাবৰ নির্বাচন ২০ ফেব্রুৱাৰীত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব।
গুৰু ৰবিদাস জয়ন্তী উপলক্ষে প্রায় ২০ লক্ষ ভক্ত উত্তৰ প্রদেশৰ বাৰাণসীলৈ ১০-১৬ জানুৱাৰীত যাব। ১৪ ফেব্রুৱাৰীত নির্বাচন হ’লে তেওঁলোকে ভোট দিব নোৱাৰিব। সেই দিশটো বিবেচনা কৰিয়েই আয়োগে নির্বাচন পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।













