![]()
নিউজ ডেস্কঃ
দৈনিক কৰোনা আক্রান্তৰ সংখ্যা সোমবাৰৰ দিনটোত সামান্য কমিলেও মৃত্যুৰ হাৰে চিন্তা বৃদ্ধি কৰিছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৫ জন। এনে পৰিস্থিতিত বিয়াৰ ওপৰতো পৰিল কোপদৃষ্টি। সাময়িকভাবে বন্ধ কৰা হ’ল বিবাহ পঞ্জীয়ন সেৱা।
মাঘ মাহ মানেই বিয়াৰ বতৰ। কোভিড পৰিস্থিতিত বহুতেই আগতীয়াকৈ বিবাহ পঞ্জীয়নৰ পথ লৈছে। কিন্তু এই সেৱাই সাময়িকভাবে বন্ধ ৰখা হৈছে মুম্বাইত। দেশৰ যিকেইখন ৰাজ্যত কোভিড সংক্রমণ বাঢ়িছে, তাৰ ভিতৰত অন্যতম মহাৰাষ্ট্র। মুম্বাইতো বাঢ়িছে আক্রান্তৰ সংখ্যা। সেয়েহে মুম্বাইত বিবাহ পঞ্জীয়ন সাময়িকভাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বৃহন্মুম্বাই পৌৰ নিগমে। ৰাজ্যখনৰ কোভিড পৰিস্থিতি কিছু ঠিক হ’লেই পুনৰ এই সেৱা কৰাৰো আশ্বাস দিয়া হৈছে। ভিডিও KYC পদ্ধতি আৰম্ভ কৰাৰ কথাও ভবা হৈছে। কিন্তু এই সিদ্ধান্তত বহুতেই অসন্তুষ্টি প্রকাশ কৰিছে।













