![]()
নিউজ ডেস্কঃ
১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিব ‘মিছন সদ্ভাৱনা’। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যিক সচিবালয়ত ইমান দিনে জমা হৈ থকা আৰু নিষ্পত্তি নোহোৱাকৈ থকা ফাইলৰ কামবোৰ সমাধা কৰা। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম সচিবালয়ৰ ৬৫০ গৰাকী বিষয়া-কৰ্মচাৰীৰ সৈতে কৰা এক মত বিনিময় অনুষ্ঠানত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য, কৰ্মচাৰীসকলৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা আৰু কাম-কাজৰ পৰিৱেশ দুৰ্নীতিমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সচিবালয়ৰ কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়।
আনহাতে, অহা ২৫ জানুৱাৰীত জনতা ভৱনৰ আইএএছ-এচিএছ বিষয়াসকলৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী৷ ইয়াৰ পিছত পুনৰ ২৭ জানুৱাৰীত বাকী কৰ্মচাৰীসকলৰ মিছন সদ্ভাৱনা সন্দৰ্ভত আলোচনা কৰিব।













