![]()
নিউজ ডেস্কঃ
একেৰাহে দুদিন ভাৰতত কমিল দৈনিক কৰোনা আক্রান্তৰ সংখ্যা। বিগত দেওবাৰৰ তুলনাত সোমবাৰে পাঁচ শতাংশ কমিছিল কৰোনা সংক্রমণ। মঙ্গলবাৰে সেয়া কমিল আৰু কিছু।
মঙ্গলবাৰে দেশত কৰোনা আক্রান্তৰ সংখ্যা ২ লক্ষ ৩৮ হাজাৰ ১৮ জন। ইয়াৰ মাজত ওমিক্রন আক্রান্তৰ সংখ্যা ৮ হাজাৰ ৮৯১। সোমবাৰে সমগ্ৰ দেশত কৰোনাত আক্রান্ত হৈছিল ২ লক্ষ ৫৮ হাজাৰ ৮৯ জন। যিটো সোমবাৰৰ তুলনাত সাত শতাংশ কম।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, দৈনিক সংক্রমণৰ হাৰ ১৪.৪৩ শতাংশ আৰু সাপ্তাহিক সংক্রমণৰ হাৰ ১৪.৯২ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত ৩১০ জনৰ মৃত্যু হৈছে।
আনহাতে, বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ১৬ লক্ষ ৪৯ হাজাৰ নমুনা পৰীক্ষা কৰা হৈছে। দেশত ১৫৮ কোটিৰো অধিক টীকা দিয়া বুলিও কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ।













