![]()
নিউজ ডেস্কঃ
পঞ্জাবত আম আদমি প্ৰাৰ্থী অৰ্থাৎ আপে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে জনসাধাৰণে কাক বিচাৰে তাৰ ওপৰত চলাইছিল এক টেলিভোট৷ টেলিফোন, ৱাটছএপৰ জৰিয়তে কৰা এই ভোটত অংশগ্ৰহণকাৰী ৯৩ শতাংশই জনাইছে যে আগন্তুক দিনত পঞ্জাবৰ মুখ্যমন্ত্রী পদত আপ সাংসদ ভগৱন্ত মানক তেওঁলোকে বিচাৰে। এই দাবী আপ প্ৰধান অৰবিন্দ কেজৰিৱালৰ। আৰু তাৰ পিছতেই পঞ্জাবত আপৰ মুখ্যমন্ত্রী পদপ্রার্থী হিচাবে ভগৱন্তৰ নাম ঘোষণা কৰে কেজৰিৱালে।
উল্লেখ্য, ২০ ফেব্রুৱাৰীত পঞ্জাবত নিৰ্বাচন৷ তাৰ পূৰ্বে প্রতম আপেই কৰিলে নিজৰ দলৰ মুখ্যমন্ত্ৰী পদ প্ৰাৰ্থীৰ নাম ঘোষণা। আপৰ তৰফৰ পৰা জনোৱা মতে, টেলিভোটত অংশগ্ৰহণ কৰা ২১ লক্ষ ভোটাৰৰ ভিতৰত ৯৩ শতাংশই ভগৱন্তক মুখ্যমন্ত্ৰী হিচাবে বিচাৰিছে।
আনহাতে, ৩ শতাংশই মুখ্যমন্ত্রী পদত বিচাৰিছে কংগ্রেছ নেতা নৱজ্যোত সিং সিদ্ধুক।
উল্লেখ্য, এসময়ৰ কমেডিয়ান ভগৱন্ত মানে ২০১৪ চনত আপত যোগ দিয়ে৷ উক্ত বছৰতেই তেওঁ সাঙ্গৰুৰ পৰা লোকসভা নির্বাচনত জয়ী হয়। ২০১৭ চনত বিধানসভা নির্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও আকালি দলৰ প্রার্থীৰ হাতত পৰাজিত হয়। ইয়াৰ পিছত পুনৰ ২০১৯ চনত তেওঁ সংসদ নির্বাচিত হয়।













