![]()
নিউজ ডেস্কঃ
মকৰ সংক্রান্তিত ভগৱানৰ নামত ছাগলী উৎসর্গ কৰাৰ কথা আছিল। তাৰ বাবে, ছাগলীটোক বলিশালত উঠাই বান্ধি লোৱা হৈছিল। কিন্তু বলিৰ দা গৈ পৰে ছাগলীৰ পৰিৱৰ্তে ছাগলীটো ধৰি থকা এজন ব্যক্তিৰ ডিঙিত। দুৰ্ঘটনাক্ৰমে ছাগলীৰ সলনি হয় নৰবলি!
দেওবাৰে এই শিহৰণকাৰী কাণ্ড ঘটে হায়দৰাবাদৰ চিট্টুৰ জিলাত। জানিব পৰা মতে, বলি দিব ওলোৱা ব্যক্তিজন আছিল মদত মাতাল৷ তেওঁ ইমানেই মাতাল অৱস্থাত আছিল যে ছাগলী-মানুহৰ প্ৰভেদো ধৰিব পৰা নাছিল। অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে।
সংক্রান্তিৰ দিনা দেৱতাৰ নামত ছাগলী উৎসর্গ কৰাটো চিট্টুৰ জিলাৰ ভালাসাপল্লিৰ বহুদিনীয়া ৰীতি। দেওবাৰে তাৰ বাবে আয়োজন হৈছিল পূজা-পাঠৰ। বলিৰ বাবে উৎসর্গ কৰা ছাগলীটোক গা ধুৱাই মূৰত সিন্দুৰ দি বলিশালত আনি ৰাখিছিল। চাৰিওফালে তীব্ৰস্বৰত চলিছিল গান-বাজনা৷ তেনে অৱস্থাত মদৰ ৰাগীতে বলি দিবলৈ আগবাঢ়ে চালাপতি নামৰ ব্যক্তিজন। হাতত বিশাল আকাৰৰ বলি দা লৈ আগবাঢ়ে। ছাগলীটো যাতে বলিশালৰ পৰা আঁতৰি নাযায়, সেয়া নিশ্চিত কৰিবলৈ তাৰ চাৰি ঠেঙত ভালদৰে ধৰি আছিল সুৰেশ নামৰ আন এজন ব্যক্তিয়ে। তাৰ পিছত বিদ্যুৎগতিত নামি আহে বলি দিয়া দাখন ছাগলীটোৰ ডিঙিক লক্ষ্য কৰি। কিন্তু দুৰ্ভাগ্যক্ৰমে ছাগলীৰ ডিঙিৰ পৰিৱৰ্তে আহি পৰে সুৰেশৰ ডিঙিতহে। একো এটা কৰাৰো সময় নাপালে সুৰেশে। দাৰ ঘাপত মুহূর্ততে কটা যায় সুৰেশৰ ডিঙি।
স্থানীয় লোকসকলৰ মতে, চালাপতি ইমানেই বেছি মদৰ নিচাত আচ্ছন্ন আছিল যে ছাগলী আৰু মানুহৰ প্ৰভেদেই ধৰিব নোৱাৰিলে। তাৰ পৰিণতিতে ছাগলীৰ সলনি হয় নৰবলি!













