![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সৰ্বশিক্ষা অধীনত ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত টেট উৰ্ত্তীণ শিক্ষকৰ সমস্যা সমাধানৰ সদিচ্ছা প্ৰকাশ কৰা নাই শিক্ষা বিভাগৰ মন্ত্ৰী ৰনোজ পেগু আৰু শিক্ষা বিভাগে। চলিত জানুৱাৰী মাহৰ দৰমহা সৈতে ৩১শতাংশ মৰগীয়া বানাচ আদায় দিয়াকে ধৰি অন্যান্য সমস্যা সমাধান কৰা বাবে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে শিক্ষকসকলে।
উল্লেখ্য যে ২০১২ চনত নিযুক্তি প্ৰাপ্ত টেট উৰ্ত্তীণ শিক্ষকসকলক সেই সময়ৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০১৩ চনৰ এপ্ৰিলৰ পৰা আৰ অ পি অনুযায়ী দৰমহা লাভ নিৰ্ধাৰণ কৰিছিল। দৰমহাৰ নিৰ্দেশনা পত্ৰও সৰ্বশিক্ষা মিছন সঞ্চালিকা স্বাক্ষত প্ৰকাশ হৈছিল। পৰৱৰ্তী পৰ্যায়ত ১এপ্ৰিল ২০১৭ চনৰ পৰা সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰিছিল। এইসমূহৰ উপৰিও ২০২০চনত কেবিনেট সিদ্ধান্ত মৰ্মে ২৯৭০১ জন আৰু ষ্টেপুলৰ প্ৰায় ১১০০ হাজাৰ শিক্ষকৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰা লগতে বেংক লোনকে ধৰি অন্যান্য সা-সুবিধা নিয়মীয়া শিক্ষকৰ সমহাৰত প্ৰদান কৰা সিদ্ধান্ত লৈছিল-প্ৰেছ বিজ্ঞপ্তি জৰিয়তে এইদৰে কয় সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে।
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষকসকলৰ সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰিছিল কিন্তু বৰ্তমানৰ শিক্ষামন্ত্ৰী পেগুৱে শিক্ষকসকলক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আনহে নালাগে ২০১৩চনৰ পৰা লাভ কৰি থকা দৰমহাখিনিও সঠিক ভাৱে নিৰ্ধাৰিত হাৰত দিব পৰা নাই বুলি সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয়।২০২০চনৰ ১জুলাই কেবিনেট নিৰ্দেশনা অনুসৰি সমান দৰমহা, বেংকলোণ, চিকিৎসাজনিত প্ৰতিশ্ৰুতি আজি পয্যন্ত শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগে বাস্তৱত প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি লগতে তেওঁ কয়।
বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে ২০১৩ চনৰ লাভ কৰি থকা নিয়মীয়া হাৰ দৰমহা ২০১৯চনৰ পৰা বৰ্ধিত হাৰত লাভ কৰা নাই।লগতে ২০১৯ চনৰ পৰা ক্ৰমে ৫, ১১ আৰু ৩ শতাংশ মৰগীয়া বানাচ লাভ কৰা নাই। শিক্ষকসকলৰ দাবী চলিত মাহৰ জানুৱাৰী দৰমহা সৈতে প্ৰাপ্য আদায় নিদিলে ৰাজপথ আন্দোলনলৈ পুনৰ ওলাই অহা হুংকাৰ প্ৰদান শিক্ষক সমাজৰ।













