![]()
নিউজ ডেস্কঃ
নামনি অসমৰ ৰে’ল যোগাযোগ মানচিত্রত নতুন সংযোজন৷ মঙলবাৰে মুকলি হ’ল কোচবিহাৰৰ পৰা গৌৰীপুৰ-অভয়াপুৰী-গুৱাহাটী নতুন ৰে’লপথ। ইমান দিনে উত্তৰ-পূৰ্বাঞ্চললৈ কোচবিহাৰৰ পৰা আলিপুৰদুৱাৰ-শ্ৰীৰামপুৰ-গোসাইগাঁও হৈ গুৱাহাটীলৈ আছিল একমাত্ৰ ৰে’লপথটো।
উল্লেখ্য, ১৯৯৫ চনৰ পৰা এই বিকল্প ৰে’লপথৰ দাবীত আন্দোলন চলি আহিছিল৷ নিউ ময়নাগুৰি-যোগীঘোপা ৰে’লপথ নিৰ্মাণৰ দাবীত সুদীৰ্ঘ ২৭ বছৰ ধৰি চলি আহিছিল এই আন্দোলন। তাৰ মাজতে প্ৰায় দহ বছৰ পূৰ্বে নিউ কোচবিহাৰৰ পৰা গৌৰীপুৰলৈ ৰে’লপথছোৱাৰ কাম হৈছিল৷ কিন্তু গৌৰীপুৰৰ পৰা বিলাসীপাৰা হৈ অভয়াপুৰীলৈ ৰে’লপথছোৱা নিৰ্মাণৰ কাম বন্ধ হৈ আছিল। তাৰ পিছৰে পৰা ৰে’লপথ দাবী সমিতি নামৰ সংগঠনটোৱে এই ৰে’লপথছোৱা নিৰ্মাণৰ গতিত ত্বৰান্বিত কৰাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। অৱশেষত ২৭ বছৰ অপেক্ষাৰ অন্তত মঙলবাৰে নিউ কোচবিহাৰৰ পৰা অভয়াপুৰীলৈ মালবাহী ৰে’ল চলে।













