![]()
নিউজ ডেস্কঃ
অসমে মেঘালয়ক এৰি দিব ১৮.২৯ বৰ্গকিলোমিটাৰ ভূমি৷ পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ এটা সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ এই উদ্দেশ্যে মঙলবাৰে কইনাধৰাৰ ১নং অতিথিশালাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ উক্ত বৈঠকত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ইউপিপিএলৰ লৰেন্স ইছলাৰী, জয়ন্ত বসুমতাৰী, বিপিএফৰ দুৰ্গাদাস বড়ো, প্ৰবীণ বড়ো, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়াই।
উক্ত বৈঠকতে অসম-মেঘালয়ৰ সীমা সমস্যাৰ বিবদমান ১২টা স্থানৰ ৬টা স্থানৰ সমস্যা সমাধানৰ বাবে আলোচনা কৰা হয়। তাৰাবাৰী, গিজাং, বকলাপাৰা,পিলিকাটা, ৰাতাচাৰা আৰু হাহিমৰ সীমা সমস্যা সমাধানৰ বাবে বৈঠকত আলোচনা হয়।
উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ এটা সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অঞ্চলকেইটাৰ মুঠ ভূমিৰ পৰিমাণ হৈছে ১৮.২৯ বৰ্গকিলোমিটাৰ৷ অৰ্থাৎ অসমে মেঘালয়ক এৰি দিব ১৮.২৯ বৰ্গকিলোমিটাৰ ভূমি৷ আনহাতে, অসমে লাভ কৰিব ১৮.৫১ বৰ্গকিলোমিটাৰ ভূমি। বৈঠকৰ সিদ্ধান্তক সকলো দলে আদৰণি জনায়৷













