![]()
নিউজ ডেস্কঃ
মঙলবাৰে শিলচৰ সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰি বাৰ্মিজ চুপাৰি আৰু কয়লা যোগান ধৰা মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা স্পষ্ট কৰে অসম আৰক্ষীৰ এডিজিপি জিপি সিঙে।
বাৰ্মিজ চুপাৰি যোগানৰ সৈতে জড়িত মাফিয়াসকলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব । চুপাৰি মাফিয়াক আগতীয়াকৈ সতৰ্ক কৰি দি এডিজিপি জিপি সিঙে কোনো মাফিয়া সাৰি যাব নোৱাৰে বুলি স্পষ্টকৈ প্ৰকাশ কৰে। আজি জি পি সিঙে শিলচৰ সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰে আৰু আৰক্ষী থানাত সন্মুখীন হোৱা সকলো সমস্যাৰ বুজ লয়।
পৰিদৰ্শন কৰি শিলচৰ সদৰ আৰক্ষী থানাৰ পূৰ্বৰ তুলনাত যথেষ্ট উন্নতি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, শিলচৰ চহৰত যাঁন-যটৰ বৃহৎ সমস্যা সমাধানৰ বাবে উপায়ুক্ত, আৰক্ষী অধীক্ষক, সাংসদ আৰু শিলচৰৰ বিধায়কৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছে। শিলচৰ চহৰৰ যান-জঁটৰ সমস্যা সোনকালেই সমাধান কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আনহাতে, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাই উপ পৰিদৰ্শক জোনমণি ৰাভা আৰু বিহপুৰীয়া আৰক্ষী থানাৰ অচিক গালি দিয়া ভাবুকি সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে এডিজিপি গৰাকী।













