ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোভিড সন্ত্ৰাস। অভিজাত শিক্ষানুষ্ঠানখনৰ ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী কোভিডত আক্ৰান্ত হৈছে। বিদ্যালয়খনৰ ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰা হৈছিল৷ তাৰে ভিতৰত ৩০ জনৰ শৰীৰত কোভিড ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। ইয়াৰে ভিতৰত ২২ গৰাকী শিক্ষক আৰু ৮ গৰাকী কৰ্মচাৰী।
উল্লেখ্য, প্ৰায় কেইদিনমান ধৰি বিদ্যালয়খনৰ কেইবাজনো শিক্ষক-কৰ্মচাৰী জ্বৰ-চৰ্দিত ভুগি আছিল৷ কোভিডৰ লক্ষণ সত্ত্বেও বিদ্যালয়খনত চলি আছিল পাঠদান কাৰ্য। কিন্তু তাৰে মাজতে একাংশ একাংশ অভিভাৱকে জিলা উপায়ুক্তৰ ওচৰত অভিযোগ জনোৱাত মঙলবাৰে বিদ্যালয়খনত অতৰ্কিতে উপস্থিত হয় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল। তাৰ পিছত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰাত ৩০ জনৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰে। ফলত জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বিদ্যালয়খন বন্ধৰ নিৰ্দেশ দিয়ে।