![]()
নিউজ ডেস্কঃ
দেশত পুনৰ বাঢ়িল কৰোনা আক্রান্তৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ২ লক্ষ ৮২ হাজাৰজন। মঙ্গলবাৰে দেশত কৰোনা আক্রান্তৰ সংখ্যা আছিল ২ লক্ষ ৩৮ হাজাৰ ১৮ জন। বুধবাৰে দৈনিক আক্রান্তৰ সংখ্যা বাঢ়িল ১৮ শতাংশ। দৈনিক সংক্রমণৰ হাৰ ১৪.৪৩ শতাংশৰ পৰা বৃদ্ধি হৈ হৈছে ১৫.১৩ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত কৰোনাৰ ওমিক্রন ৰূপত আক্রান্ত হৈছে ৮,৯৬১ জন। মঙ্গলবাৰৰ তুলনাত ওমিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে প্রায় ১ শতাংশ।
বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ৪৪১ জনৰ মৃত্যু হৈছে। মঙ্গলবাৰে মৃত্যুৰ সংখ্যা আছিল ৩১০ জন। এই সময়ছোৱাত দেশত কৰোনাৰ নমুনা পৰীক্ষা হৈছে ১৮ লক্ষ ৬৯ হাজাৰ।













