![]()
নিউজ ডেস্কঃ
জোঁৱাইক আদৰ-সাদৰ কৰাটো ইমান সাধাৰণ কথা নেকি! সংক্রান্তি উপলক্ষে হ’বলগীয়া জোঁৱাইক নিমন্ত্রণ জনাইছিল শহুৰৰ ঘৰলৈ। কিন্তু জোঁৱায়েকে হয়তো সপোনতো ভাবিব পৰা নাছিল যে তাত তেওঁৰ বাবে কিহে অপেক্ষা কৰি আছে। শহুৰৰ ঘৰত গৈ খোৱা টেবুলত বহাৰ পিছতেই চকু কপালত উঠে তেওঁৰ! টেবুলত শাৰীয়ে শাৰীয়ে সজাই থোৱা আছে মুঠ ৩৬৫বিধ খাদ্য! চকু কপালত উঠা উক্ত ঘটনাটি ঘটিছে অন্ধ্রপ্রদেশৰ পশ্চিম গোদাবৰী জিলাত।
সংক্রান্তিৰ দিনা জোঁৱায়েকক ভোজ দিয়াটো তেলুগু সংস্কৃতিৰ অঙ্গ। সেইবাবেই হ’বলগীয়া জোঁৱাই সাইকৃষ্ণক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল ভেঙ্কটেশ্বৰা ৰাও আৰু মাধৱী ৰাৱে। হ’বলগীয়া শাহুয়েকৰ ইচ্ছা আছিল জোঁৱায়েকক উদৰ পূৰাই খুৱাব। তাৰ বাবেই হৈছিল সকলো জা-যোগাৰ। পিছে খোৱা টেবুলত বহি জোঁৱায়েক সাইকৃষ্ণৰ মূৰে-কপালে হাত দিবলগা অৱস্থা! টেবুলতো বাদেই গোটেই কোঠাটোতে কেৱল খাদ্য আৰু খাদ্য! মুঠ ৩৬৫বিধ বিভিন্ন খাদ্যসম্ভাৰ।
শাহুৱেকৰ মতে, যাতে জোঁৱায়েকৰ বছৰটোৰ প্রতিটো দিনেই ভালে যায় তাৰ বাবেই ৩৬৫বিধ খাদ্যৰ আয়োজন কৰা হৈছিল।













