![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিবনুৱাসকলৰ বাবে ভাল খবৰ। অসম আৰক্ষীত নিযুক্তি লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা। বহুকেইটা শাখাত অনুষ্ঠিত হ’ব এই লিখিত পৰীক্ষা।
অসম আৰক্ষীৰ পৰা প্ৰকাশ কৰা জাননী মতে চলিত বৰ্ষ ২০ ফেব্ৰুৱাৰী পৰা ২৪ এপ্ৰিললৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। উল্লেখ্য ২০ ফেব্ৰুৱাৰীত ৬৬৬২টা কনিষ্টবল আৰু ৮১৩টা এ পি আৰ অ’ কনিষ্টবল, ৭৮৮টা কনিষ্টবল, ৭৫৪টা কনিষ্টবলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। গুৰুত্বপূৰ্ণ কথা উক্ত পদসমূহৰ ইতিমধ্যে শাৰীৰিক পৰীক্ষাসমূহ সমাপ্ত হৈছে।
আনহাতে চলিত বর্ষ ২৪ এপ্ৰিলত ৩০৬টা ইউ.বি উপ-পৰিদৰ্শক আৰু ৩২০টা এবি উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।













