![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ চাইল্ড লাইন কৰ্তৃপক্ষই উদ্ধাৰ কৰে এগৰাকী নাবালিকাক। বিয়া কৰাম বুলি ১৭ বছৰীয়া এগৰাকী কিশোৰীক লংকাৰ চাৰ্কেবস্তিৰ এজন ল’ৰাই ওচৰৰেই চৌধুৰী ব্লকৰ পৰা পলুৱাই আনি ৰাখিছিল নিজ গৃহত। পিছত গোপন সূত্ৰৰ পম খেদি লংকা চাইল্ড লাইনে নখুটী আৰক্ষীৰ সহযোগত নবীন খানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। বৰ্তমান কিশোৰীজনীক হোজাই শিশু গৃহলৈ নিয়াৰ যো-জা কৰিছে চাইল্ড লাইন কৰ্তৃপক্ষই।












