নিউজ ডেস্কঃ
বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ পুৰুষ হিচাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী স্পেইনৰ চেটাৰ্ণিনো ডে লা ফুৱেণ্টে গাৰ্চিয়াভৰ পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১২ বছৰ ৩৪১ দিন।
২০২১ৰ ছেপ্টেম্বৰ মাহত বিশ্বৰ জীৱিত (পুৰুষ) আটাইতকৈ জ্যেষ্ঠ ব্যক্তি হিচাপে চেটাৰ্ণিনোই অভিলেখ গঢ়িছিল।
তেওঁ ১১২ বছৰ ২১১ দিনত বিশ্বৰ সবাতোকৈ বৃদ্ধ ব্যক্তি হিচাপে গিনিজ ৰেকৰ্ড কৰিছিল।
১৯০৯ চনৰ ১১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা চেটাৰ্নিনোক “এল পেপিনো” বুলিও জনা যায়৷ তেওঁ ১৯৩৩ চনত এণ্টোনিনা বেৰিঅ’ গুটিয়েৰেজৰ সৈতে বিয়াত বহে।
এণ্টোনিনাৰ সৈতে তেওঁ কাকো আঘাত নকৰাকৈ আৰু অতি দয়ালু লোক হিচাপে সুদীৰ্ঘ জীৱন-যাপন কৰিছিল, যিটোক চেটাৰ্নিনোৱে নিজেই তেওঁৰ দীৰ্ঘজীৱনৰ ৰহস্য বুলি ক’ব খোজে৷ তেওঁৰ সাতগৰাকী কন্যা আছিল। অহা মাহত তেওঁৰ ১১৩ সংখ্যক জন্মদিন আছিল।
তেওঁৰ উচ্চতা আছিল মাত্ৰ ১.৫০ মিটাৰ অৰ্থাৎ ৪.৯২ ফুট৷ তেওঁ জোতাৰ ব্যৱসায় কৰাৰ লগতে এগৰাকী ভাল ফুটবলাৰ আছিল। তেওঁৰ পৰিয়াল ৭ গৰাকী জীয়ৰী, ১৪ গৰাকী নাতি-নাতিনী আৰু ২২ গৰাকী আজোনাতিৰে পৰিপূৰ্ণ।