নিউজ ডেস্কঃ
১১ মার্চৰ পিছৰ পৰা দেশত কোভিড-১৯ এক সাধাৰণ ৰোগত পৰিণত হ’ব পাৰে। এই দাবী ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ চমুকৈ আইচিএমআৰৰ অতিমাৰি বিভাগৰ প্রধান সমীৰণ পাণ্ডাৰ। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘‘অনুমান কৰা হৈছে যে ওমিক্রনৰ প্রভাৱ ভাৰতত ১১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি তিনি মাহ ধৰি চলিব। অর্থাৎ ১১ মার্চৰ পিছৰ পৰা আমি এই ৰোগৰ পৰা কিছু অব্যাহতি পাব পাৰোঁ।’’
তেওঁৰ মতে, ১১ মার্চৰ পিছৰ পৰা কোভিড-১৯ ভাৰতত এটি সাধাৰণ ৰোগ হৈ পৰিব পাৰে। অৱশ্যে তাৰ বাবে বহু বিষয়ত বিশেষ লক্ষ্য ৰখা প্রয়োজন। কৰোনাৰ যদি কোনো নতুন ৰূপ আৱিৰ্ভাৱ নহয় আৰু যদি ওমিক্রন ৰূপে ডেল্টা ৰূপক প্রতিস্থাপন কৰে, তেতিয়াহে কৰোনা এটি সাধাৰণ ৰোগত পৰিণত হ’ব পাৰে বুলি তেওঁৰ দাবী।