নিউজ ডেস্কঃ
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অখিলেশ যাদৱে৷ যোগী আদিত্যনাথৰ পিছত উত্তৰ প্রদেশৰ নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’লে সমাজবাদী পার্টিৰ শীৰ্ষ নেতা তথা দলৰ মুখ্যমন্ত্রী পদপ্রার্থী অখিলেশ যাদৱে। উল্লেখ্য, অন্তিমবাৰ ২০০২ বিধানসভা নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাবে সমাজবাদী পার্টিৰ মুলায়ম সিং যাদৱে। তাৰ পিছৰ পৰা কোনো দলৰ মুখ্যমন্ত্রী পদপ্রার্থীয়ে নিৰ্বাচন খেলা নাই।
২০১২ চনত মুখ্যমন্ত্ৰী হোৱাৰ সময়ত অখিলেশ যাদৱে বিধানসভা নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। সেই সময়ত তেওঁ কনৌজৰ সাংসদ আছিল। পিছত উত্তৰ প্রদেশৰ বিধান পৰিষদৰ সদস্য হিচাবে মুখ্যমন্ত্ৰী হয় অখিলেশ। একেদৰে ২০১৭ চনত যোগী আদিত্যনাথ মুখ্যমন্ত্রী হোৱাৰ সময়ত তেৱোঁ আছিল গোৰখপুৰৰ সাংসদ। পিছত তেৱোঁ বিধান পৰিষদৰ সদস্য হয়। পিছত এইবাৰৰ নিৰ্বাচনত সেই ধাৰা সলনি কৰি গোৰখপুৰ সদৰ আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয়।