![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দুৰ্ঘটনাত পতিত হৈ গৰু গাড়ী এৰি পলায়ন চালক হেণ্ডিমেনৰ। অধিক গৰু কঢ়িয়াই নিয়াৰ বাবে পতিত হয় দুৰ্ঘটনাত। লংকা ফালৰ পৰা নীলবাগান অভিমুখী গৈ আছিল গৰু ভৰ্তি টাটা মোবাইলখন।
বৰবহা ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে গৰু ভৰ্তি বাহন এৰি পলায়ন কৰে চালক হেণ্ডিমেন।
দুৰ্ঘটনাত পতিত হোৱা টাটা মোবাইল খনৰ নম্বৰ AS-09 AC 5863। স্থানীয় লোকে ঘটনা প্ৰতক্ষ্য কৰি খবৰ দিয়ে আৰক্ষীক। শংকৰদেৱ নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।












