নিউজ ডেস্কঃ
ক্রিকেটাৰসকল খেলপথাৰত নামিছে। কিন্তু পৰিধানত শ্বার্ট-পেন্টৰ সলনি ধূতি-পাঞ্জাবি। ডিঙিত ৰুদ্রাক্ষৰ মালা। কপালত তিলক। আনকি মেচৰ ধাৰাভাষ্য হৈছে সংস্কৃতত। সম্প্রতি এই অভিনব ক্রিকেট প্রতিযোগীতাৰ আয়োজন কৰা হৈছিল মধ্যপ্রদেশৰ ভূপালত।
মহর্ষি বৈদিক ব্রাহ্মণ সমাজ আৰু সংস্কৃতি বচাও মঞ্চই এই ক্রিকেট প্রতিয়োগিতাৰ আয়োজন কৰিছিল। মহর্ষি মহেশ যোগীৰ জন্মবার্ষিকী উপলক্ষত অনুষ্ঠিত হয় খেল। যোৱা বছৰ প্রথমবাৰ এই টুর্নামেন্টৰ আয়োজন কৰা হৈছিল। কেইবাটাও দলে অংশগ্ৰহণ কৰে টুর্নামেন্টত।
মেচ আৰম্ভণিৰ আগতে সংস্কৃত মন্ত্রোচ্চাৰণ কৰা হয়। টছ কৰাৰ ক্ষেত্রতো পইচা নহয়, বৰং মন্ত্রৰ সহায় লোৱা হয়। মেচৰ ধাৰাভাষ্যৰ পৰা আৰম্ভ কৰি সকলো ঘোষণা সংস্কৃত ভাষাত। অভিনব এই খেলা চাবলৈ বহু দর্শক উপস্থিত আছিল।
আয়োজকসকলে জনোৱা মতে, এইবাৰৰ পৰা প্রতি বছৰে এই টুর্নামেন্টৰ আয়োজন কৰা হ’ব। বৃহস্পতিবাৰে টুর্নামেন্ট শেষ হ’ব। বিজয়ী দলক ১১ হাজাৰ টকা পুৰস্কাৰ দিয়া হ’ব বুলি জনাইছে আয়োজকসকলে।