![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম চৰকাৰৰ হাফলং কেবিনেটত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিছপুৰৰ বাহিৰত চলিত বৰ্ষত অনুষ্ঠিত প্ৰথমখন কেবিনেটত লোৱা সিদ্ধান্তসমূহ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
অসম-মেঘালয়ৰ সীমা সমস্যাৰ বিষয়ত আলোচনা। আঞ্চলিক কমিটি পৰ্যায়ত, মুখ্যমন্ত্ৰী পৰ্যায়ত সন্মতি সন্মতি হোৱা ছয়টা সীমা বিবাদ মীমাংসা বাবে আজি কেবিনেটত অনুমোদন। মেঘালয় আৰু অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অৱগত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ্য যে, আঞ্চলিক পৰ্যায়ত ৩খন কমিটি গঠন কৰা হৈছিল।
অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ, অসম বৈভৱ আৰু অসম গৌৰৱ বঁটা ২৪জানুৱাৰী তাৰিখে প্ৰদানৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। আলোচনা মৰ্মে মন্ত্ৰীসকলক দায়িত্বসমূহ ভগাই দিয়া হয়।
মৰিগাঁও মহাবিদ্যালয় আৰু শুৱালকুছি বুড্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত বাণিজ্যিক শাখা আৰম্ভ হব। ঠিক ধেমাজি মৰিধল মহাবিদ্যালয়, ভৱানীপুৰ মহাবিদ্যালয়, শালবাৰী মহাবিদ্যালয়, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বাসুগাঁও মহাবিদ্যালয়, বাক্সা বি বি কৃষাণ মহাবিদ্যালয়, কাছাৰ মাধৱচন্দ্ৰ দাস মহাবিদ্যালয়ত বিজ্ঞান শাখা অহা বৰ্ষ পৰা আৰম্ভ কৰা সিদ্ধান্ত কেবিনেটত।
২১৪ কোটি টকাৰে শিলচৰত মুকলি চিৰিয়াখানা নিৰ্মাণৰ সিদ্ধান্ত। উক্ত চিৰিয়াখানাত জীৱ-জন্তুৱে মুকলিকৈ থাকিব। দর্শনাৰ্থীসকলে বন্ধ কোঠৰী পৰা দৰ্শন কৰিব লাগিব।
অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকা এতিয়াৰে পৰা নিৰ্দিষ্ট বছৰ মূৰে মূৰে হ’ব পদোন্নতি।
মৰাণ স্বায়ত্ত শাসিত পৰিষদ, মটক স্বায়ত্ত শাসিত পৰিষদ, বড়ো-কছাৰী কল্যান স্বায়ত্ত পৰিষদ আৰু কমতাপুৰ স্বায়ত্ব পৰিষদত নিৰ্বাচনী বিধি অনুমোদন । শীঘ্ৰে অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন।
উত্তৰ-কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰথম আৰু দ্বিতীয় বৰ্গ কৰ্মচাৰী দৰমহা ৰাজ্য চৰকাৰে এতিয়া পৰা প্ৰদান কৰিব। প্ৰায় ১০০গৰাকী বিষয়া কৰ্মচাৰী আছে পৰিষদত।
হাফলংত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামৰ বাবে ২০ কোটি টকা অতিৰিক্ত অনুমোদন।
হাফলং নগৰৰ পানী যোগানৰ বাবে ১১০কোটি টকা হাফলং পানী যোগান আঁচনি অনুমোদন।
ডিমা হাছাও জিলা পৰ্যটনৰ বাবে ৫০কোটি টকাৰ অনুমোদন দিয়া প্ৰতিশ্ৰুতি। উমৰাংচু, পানীমৰা, হাফলং চহৰত পৰ্যটনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এই পুঁজি মুকলি।
ইফালে, পৰৱৰ্তী কেবিনেট শিলচৰত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে।













