![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্ৰুত গণ সংক্ৰমণৰ মাজতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা। মাধ্যমিক শিক্ষা সংসদে ঘোষণা বুধবাৰে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। ১৫মাৰ্চ পৰা আৰম্ভ হ’ব ২০২২বৰ্ষ চূড়ান্ত পৰীক্ষা। কলা, বাণিজ্য, বিজ্ঞান আৰু ভকেচনেল আটাইকেইটা শাখাত পৰীক্ষা অনুষ্ঠিত হ’ব।
শিক্ষা সংসদে ঘোষণা কৰা সূচী অনুসৰি ১৫মাৰ্চত ইংৰাজী বিষয় পৰীক্ষা অনুষ্ঠিত হ’ব। ১২এপ্ৰিলত সামৰণি পৰিব এইবাৰৰ পৰীক্ষা।
ইফালে চূড়ান্ত পৰীক্ষা ব্যৱহাৰিক বিষয় পৰীক্ষাসমূহ ২১ ফেব্ৰুৱাৰী পৰা ১০ মাৰ্চ ভিতৰত অনুষ্ঠিত হ’ব।
গুৰুত্বপূৰ্ণ কথা যোৱা বৰ্ষ ক’ৰনা ভয়ংকৰ গণ-সংক্ৰমণৰ বাবেই পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। বিশেষ মূল্যাংকন পদ্ধতিত ঘোষণা কৰা হৈছিল ফলাফল। আনহাতে, চলিত বৰ্ষত যিকোনো উপায়েৰে পৰীক্ষা অনুষ্ঠিত কৰা বাবে শিক্ষা বিভাগ প্ৰস্তুত বুলি ইতিমধ্যে ঘোষণা কৰিছে।













