![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাৰ ফোন ৰেকৰ্ড ভাইৰেল প্ৰসংগত লখিমপুৰ নাৰায়ণপুৰ থানা অ’ চি পুষ্পকমল বৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মঙলবাৰে তলব কৰিছিল আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া বৰাক।
ইফালে, আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হৈ বৰাই কয়, ‘কল ৰেকৰ্ডিং মই ভাইৰেল কৰিছোঁ নে নাই সেয়া পিছত গম পাব। মোৰ যি ক’ব লগা আছে ছাৰক কম’।
উল্লেখ্য যে বিধায়কগৰাকীৰ এটা বিতৰ্কিত ফোন ৰেকৰ্ড ভাইৰেল হৈছিল দুদিন পূৰ্বে। সমগ্ৰ প্ৰক্ৰিয়াত এগৰাকী মহিলা এছ আইৰ নামো সাঙুৰ খাই পৰিছিল।













