![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ ক’ৰনা সন্দৰ্ভত কেবিনেটত আলোচনা। ৰোগীৰ সংখ্যা বাঢ়িছে কিন্তু মেডিকেলত ভৰ্তি বৰ্তমান ১২% আছে। যাৰ বাবে নতুন নিৰ্দেশনা অনা নাই। নতুন বাধা-নিষেধৰ কথা চিন্তা কৰা হোৱা নাই- এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
বুধবাৰ কেবিনেট পিছতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- চিকিৎসালয়ত যেতিয়া বিচনা কমি যাব তেতিয়াহে বাধাসমূহ প্ৰয়োগ কৰিব লাগে।
ইফালে, পূৰ্ব দৰে এতিয়া ক’ৰনা হ’লে কৰ্মচাৰীসকলে কেৱল ৭ দিনহে ছুটি পাব। চিকিৎসালয়ত ভৰ্তি থকা ৰোগী কৰ্মচাৰীৰ বাবে অৱশ্যে ৰেহাই থাকিব।
সমগ্ৰ ৰাজ্যত ক’ৰনা ভেকচিন ১৫ ফেব্ৰুৱাৰী পূৰ্বে দ্বিতীয়পালি শেষ কৰা লক্ষ্য নিৰ্ধাৰণ বুলিও শৰ্মাই লগতে কয়।
গুৰুত্বপূৰ্ণ ক’ৰনা দ্ৰুত সংক্ৰমণ হ’লেও লকডাউন দিয়া নহয় বুলি মুখ্যমন্ত্ৰীয়ে কয়।













