![]()
মনোৰঞ্জনঃ
বিগত ২০২১ চনৰ শেষৰ কেইটামান মাহ শ্বাহৰুখ খানৰ বাবে যথেষ্ট কঠিন আছিল, কিয়নো তেওঁৰ পুত্ৰ আৰিয়ান খানক অক্টোবৰত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰা কিং খানক সামাজিক মাধ্যমত দেখিবলৈ পোৱা নাছিল ৰাইজে। চাৰি মাহৰ দীঘলীয়া বিৰতিৰ পিছত চুপাৰষ্টাৰজনে অৱশেষত বুধবাৰে ইনষ্টাগ্ৰামলৈ উভতি আহে। কিং খানে এটা ইলেক্ট্ৰনিক ব্ৰেণ্ডৰ বাবে কৰা বিজ্ঞাপনৰ জৰিয়তে ছ’চিয়েল মিডিয়ালৈ উভতি আহে।
অনুৰাগীসকলে শ্বাহৰুখ খানক পুনৰ ছ’চিয়েল মিডিয়াত দেখিবলৈ পাই অত্যন্ত উৎসাহিত হৈ পৰিছে লগতে তেওঁৰ পোষ্টটো বহু অনুৰাগী কমেণ্ট কৰাও দেখা যায়। য’ত এজনে কিং খানৰ পোষ্টটিয়ে তেওঁক দিনটোৰ বাবে সতেজ কৰি তোলা বুলি কমেণ্ট কৰে তাৰ বিপৰীতে আন এগৰাকীয়ে কয় যে, “আমাৰ কিং খান ঘূৰি আহিছে।” আকৌ, আন এগৰাকীয়ে কয়, “আপোনাৰ পোষ্টটো দেখি বৰ সুখী। মই আপোনাক ভাল পাওঁ”। আনহাতে এজনে লিখিছিল, “অৱশেষত কিং খানে তেওঁৰ আইডি পাছৱৰ্ডটো মনত পেলাই ল’লে।”
ইনষ্টাগ্ৰামত কিং খানৰ অন্তিম পোষ্ট আছিল বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰ তাৰিখে।













