![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা৷ যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৯৬৯৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮৩৩৯গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৯২৯জন কামৰূপ মেট্ৰ’ৰ, ৫১৩জন ডিব্ৰুগড়ৰ, ৪১৪জন যোৰহাটৰ আৰু ৩৯৬জন কাছাৰৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১২.৮৯ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৭২৩জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৩.৬২ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৫১৬১জন ৰোগী।













