![]()
নিউজ ডেস্কঃ
শীতৰ নিশাতে এজন মুছলিম যুৱক আৰু তেওঁৰ ভ্ৰমণ সঙ্গী এগৰাকী হিন্দু মহিলাক ৰে’লৰ শীতাতপ নিয়ন্ত্ৰিত দবাৰ পৰা মাজৰাস্তাত টানি নমাই দিয়া হ’ল। তাৰ পিছত মহিলাগৰাকীৰ সন্মুখতেই যুৱকজনক মাৰধৰ কৰাৰো অভিযোগ উঠিল এদল লোকৰ বিৰুদ্ধে। ইয়াৰ কাৰণ জানিব বিচৰাত উক্ত দলটোৱে নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দি কয় যে যুৱক-যুৱতীহালৰ লাভ জিহাদৰ চেষ্টা ব্যর্থ কৰাৰ বাবেই সেয়া কৰিছে।
ঘটনাটি ঘটে মধ্যপ্রদেশৰ উজ্জয়িনী ৰে’ল ষ্টেচনত। অৱশ্যে ষ্টেচনত কর্তব্যৰত ৰে’ল আৰক্ষী বা নিৰাপত্তাৰক্ষীয়ে সেই সময়ত কি কৰিছিল বা তেওঁলোক ৰসন্মুখতে এনে ঘটনা কেনেদৰে ঘটিব পালে তাক লৈও এতিয়া প্রশ্ন উঠিছে।
জানিব পৰা মতে ষ্টেচন চৌহদত অপদস্থ আৰু মাৰধৰ কৰা ব্যক্তিজনৰ নাম আতিফ শ্বেখ। তেওঁ ইন্দোৰৰ বাসিন্দা, পেছাত ব্যৱসায়ী। ইন্দোৰত এখন বৈদ্যুতিক সামগ্ৰীৰ সৰু দোকান আছে। মহিলাগৰাকীৰো ঘৰ ইন্দোৰতেই। তেওঁ পেছাত শিক্ষয়িত্ৰী।
বজৰং দলৰ সদস্যসকলে তেওঁলোকক ওৰে নিশা থানাত বহি থাকিবলৈ বাধ্য কৰে একেলগে ৰে’লত ভ্ৰমণ কৰাৰ অপৰাধত। পিছত দুয়োৰে পিতৃ-মাতৃয়ে থানাত আহি জবানবন্দী দিয়াৰ পিছত তেওঁলোকক ঘৰলৈ যাব দিয়া হয়।













