![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৩ লক্ষ ১৭ হাজাৰ ৫৩২ জন। এই তথ্য কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া দৈনিক পৰিসংখ্যাত।
আনহাতে, বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১৫.১৩ শতাংশ। বিগত ২৪ ঘণ্টাত সেয়া বৃদ্ধি পাই হৈছে ১৬.৪১ শতাংশ। বাঢ়িছে মৃত্যুৰ সংখ্যাও।
বিগত ২৪ ঘণ্টাত দেশত ৪৯১ জনৰ মৃত্যু হৈছে। বুধবাৰে মৃত্যু হৈছিল ৪৪১ জনৰ। দেশত ৯ হাজাৰ ২৮৭ জন ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। কৰোনাৰ চলিত ঢৌত দেশত এই প্রথম দৈনিক সংক্রমণ ৩ লাখৰ সীমা অতিক্ৰম কৰিলে।













