![]()
নিউজ ডেস্কঃ
ৰাজ্যত বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্ত হৈছে ৮৩৩৯, মৃত্যু ১৫ জনৰ। আনহাতে, পজিটিভি হাৰ হৈছে ১২.৮৯ শতাংশ। তেনে পৰিস্থিতিতো ৰাজ্যত কৰোনাবিধি কিছু শিথিল কৰাৰ কথাহে ঘোষণা কৰে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, “কৰোনা পৰিস্থিতিৰ অৱনতি হ’লেও এতিয়াও লকডাউন ঘোষণাৰ সম্ভাৱনা নাই। কৰোনা ৰোগীসকলে এতিয়াৰে পৰা সাধাৰণভাবে সাত দিন হস্পিটেলত বা ঘৰতে থাকি অষ্টম দিনতেই কামত যোগ দিব পাৰিব।”
একেদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে এক বিবৃতিত জনাইছে যে এতিয়াৰে পৰা বিশেষ প্রয়োজন আৰু উপসর্গ নাথাকিলে ৫ দিনতেই ৰোগীক হস্পিটেলৰ পৰা যাব দিয়া হ’ব। যোৱাৰ সময়ত কৰিব নালাগে কোনো পৰীক্ষা। ঘৰলৈ গৈ মাত্র ২ দিন কোৱাৰেণ্টাইনত থাকিলেই হ’ব। সাত দিন পিছতেই ৰোগীক সুস্থ বুলি ধৰি লোৱা হ’ব।
আনহাতে, কোনো হস্পিটেলত কোভিড পৰীক্ষাৰ বাবে জৰুৰী চিকিৎসা প্ৰদানত পলম কৰা নহ’ব।
কোনো চৰকাৰী বা বেচৰকাৰী হস্পিটেলৰ জৰুৰী বিভাগলৈ অহা ৰোগীক কোভিড উপসর্গ নাথাকিলে পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰোৱা নহ’ব। গর্ভৱতীসহ অন্যান্য অস্ত্রোপচাৰৰ প্রয়োজন থকা ৰোগীৰ ক্ষেত্রত উপসর্গ নাথাকিলে বাধ্যতামূলক কৰোনা পৰীক্ষা কৰোৱা নহ’ব।
কোনো হস্পিটেলৰ পৰা ৰোগীক অন্য ক’ৰবালৈ কৰোনা পৰীক্ষা কৰাবলৈ পঠাব নোৱাৰিব। হস্পিটেলতেই নমুনা লৈ পৰীক্ষাগাৰলৈ পঠাব লাগিব। অৱশ্যে সকলো ক্ষেত্রতেই চিকিৎসক, নাৰ্ছ, শল্যচিকিৎসক, স্বাস্থ্যকর্মীসকলে সম্পূর্ণ কোভিডবিধি আৰু সুৰক্ষাবিধি মানি কাম কৰিব লাগিব।













