![]()
নিউজ ডেস্কঃ
শিলচৰ চহৰৰ ইটখলা ঘাট অঞ্চলৰ ছুমাৰাণী নমশূদ্ৰ নামৰ এগৰাকী মহিলাই কালি সন্ধিয়া ৭.৩০ মান বজাত নিজ ২ বছৰীয়া কন্যা সন্তানটিক লৈ বৰাক নদীত জঁপিয়ায়। মহিলাগৰাকীৰ এনে কাণ্ডই অন্নপূৰ্ণা ঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নদীত জপিওৱা ঠাই টুকুৰাত উদ্ধাৰ হোৱা এটি মোনাত মহিলাগৰাকীৰ বেংক পাছবুকৰ পৰা ঠিকনা উলিয়াই তেওঁৰ স্বামী সুজিত নমশূদ্ৰ যোগাযোগ কৰে আৰু ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।

তদুপৰি আৰক্ষী বাহিনীৰ লগতে এছডিআৰএফ জোৱান ঘটনাস্থলীত উপস্থিত হয়। এছডিআৰএফ জোৱানে ৰাতিয়েই তালাচী আৰম্ভ কৰে যদিও ছুমাৰাণী আৰু তাইৰ সন্তানক বিচাৰি পোৱা নাই। বৃহস্পতিবাৰে পুৱাৰ পৰাই বৰাক নদীত তালাচী অব্যাহত ৰাখিছে এছডিআৰ এফ জোৱান ।
উল্লেখ্য যে, নমশূদ্ৰৰ পৰিয়াল শিলচৰ ইটখলাঘাটত এটা ভাড়াঘৰত বাস কৰিছিল। সুজিতে আৰক্ষীক কয় যে, ছুমাৰাণী ভোগালী বিহুৰ আগতে কৰিমগঞ্জৰ দুল্লভছৰা অঞ্চলত তেওঁৰ দেউতাকৰ ঘৰলৈ গৈছিল। ছুমা দিনৰ ১১ বজাত শিলচৰলৈ ৰাওনা হৈছিল। স্বামীৰ মতে, তেওঁলোকৰ মাজত কোনো কাজিয়া হোৱা নাছিল। ইফালে, মৃত মহিলাৰ ভায়েক মদন মোহন দাসে সাংবাদিকৰ আগত কয় যে, ছুমাই স্বামীক নোকোৱাকৈ কন্যা সন্তানৰ নামত ৩০ হাজাৰ টকা বেংকত জমা কৰিছিল। তেওঁৰ সন্দেহ যে স্বামী-পত্নীৰ মাজত টকাখিনি লৈ বিবাদ হ’ব পাৰে। ইপিনে এই বাতৰি লিখাৰ সময়লৈকে মৃতদেহ দুটা উদ্ধাৰ হোৱা নাই। এছডিআৰ এফ জোৱানে তালাচী চলাই আছে।













