নিউজ ডেস্কঃ
বুধবাৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰৰ সকীয়নি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র কৰাৰ চেষ্টা কৰিলে আগন্তুক দিনত চৰকাৰে ব্লক কৰিব বেৱছাইট, ইউটিউব। অনুৰাগ ঠাকুৰে কয়, ‘মই পূৰ্বতেই এই সংস্থাবোৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বার্তা দিছিলোঁ। মই আনন্দিত যে বিশ্বৰ একাধিক দেশে এই বিষয়টো বুজি পাইছে। ইউটিউবেও এই বিষয়ত যথেষ্ট কঠোৰ পদক্ষেপ লৈছে। চেনেলবোৰক ব্লক কৰিছে।’
উল্লেখ্য,বিগত ডিচেম্বৰতেই দেশবিৰোধী খবৰ প্রচাৰৰ বাবে দুটা ৱেবছাইট আৰু ২০টা ইউটিউব চেনেলক ব্লক কৰিছিল কেন্দ্রই। জানিব পৰা মতে, পাকিস্তানৰ পৰা উক্ত ৱেবছাইট আৰু চেনেলকেইটা নিয়ন্ত্রিত হৈছিল। অনুৰাগ ঠাকুৰে কয়, ‘ভবিষ্যতেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পিছহুঁহকি নাহে কেন্দ্র। যিবোৰ সংস্থাই দেশবিৰোধী খবৰ, ভুৱা খবৰ বিয়পাব আৰু ষড়যন্ত্র কৰাৰ চেষ্টা কৰিব, সেইবোৰ ব্লক কৰি দিয়া হ’ব।’