নিউজ ডেস্কঃ
এইবাৰৰ গণতন্ত্র দিৱসৰ অনুষ্ঠানতো নাথাকে কোনো বিশিষ্ট অতিথি। কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। এইবাৰৰ ২৬ জানুৱাৰীৰ অনুষ্ঠানত কাজাখস্তান, তাজিকিস্তান, কিৰ্গিজস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্রপ্রধানসকলক আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা আছিল মোদী চৰকাৰৰ। কিন্তু বুধবাৰে বিদেশ মন্ত্ৰালয়ে জনায় যে কোভিডৰ কাৰণে এই পাঁচ ৰাষ্ট্রনেতা ভাৰতলৈ আহিব নোৱাৰিব। প্রধানমন্ত্রীৰ সৈতে তেওঁলোকৰ ভাৰ্চুৱেল বৈঠক হ’ব। যোৱা বছৰো ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন গণতন্ত্র দিৱসৰ অনুষ্ঠানৰ মুখ্য অতিথি আছিল৷ কিন্তু কোভিডৰ কাৰণে সেয়া বাতিল হয়।
আনহাতে, দিল্লীত গণতন্ত্ৰ দিৱসৰ পেৰেডত অতিথিৰ সংখ্যা কমোৱা হৈছে৷ যোৱা বছৰ ২৫ হাজাৰৰ বিপৰীতে এইবাৰ ৮ হাজাৰ কৰা হৈছে। সকলো অতিথি আৰু পেৰেডত অংশগ্ৰহণ কৰা জোৱানসকলে মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ববিধি মানি চলাটো বাধ্যতামূলক কৰা হৈছে। তাৰ লগতে প্রবেশ পথত সকলোৰে থাৰ্মেল স্কেনিং কৰা হ’ব।