![]()
নিউজ ডেস্কঃ
প্রায় ১০০ বছৰ ধৰি চলা আছিল পৰিকল্পনা বাস্তৱায়িত হ’ল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত এইবাৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰিব হিন্দু ধর্মৰ ওপৰত। লাভ কৰিব ডিগ্ৰীও।
লগতে থাকিব দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম। বিশ্ববিদ্যালয়খনৰ তৰফর পৰা মঙলবাৰে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়। ভাৰত অধ্যয়ন কেন্দ্রত হ’ব হিন্দু ধর্মৰ ওপৰত প্রতিদিনে পাঠদান।
বিশ্ববিদ্যালয়খনৰ অধ্যাপক সদাশিৱ কুমাৰে প্ৰকাশ কৰা মতে, উক্ত পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে ৪৫ গৰাকী ছাত্র–ছাত্রীয়ে অবেদন জনাইছে। বিদেশৰো বহু শিক্ষাৰ্থীয়ে আবেদন জনাইছে। পাঠ্যক্ৰম হ’ব ১৬খন প্ৰশ্নকাকৰ। হিন্দু ধর্মৰ আচাৰ, ৰীতি–নীতি, মন্ত্রৰ অর্থৰ দৰে বিষয়ত চাৰিটা ছেমিষ্টাৰৰ অন্তত প্ৰদান কৰা হ’ব ডিগ্ৰী।













