![]()
নিউজ ডেস্কঃ
আৰু মাত্র কেইটামান দিন পিছতেই কৰোনা সংক্রান্তীয় সকলো বাধা-নিষেধ উঠাই ল’ব ব্রিটেইনে। বুধবাৰে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে জনায় যে দেশখনত কৰোনাৰ নতুন প্ৰজাতি ওমিক্রনে সর্বোচ্চ পর্যায় অতিক্ৰম কৰি গৈছে। সেয়ে যোৱা মাহত নতুনকৈ যিবোৰ বাধা-নিষেধ জাৰি কৰা হৈছিল, অহা সপ্তাহৰ মাজভাগৰ পৰাই সেইবোৰ প্রত্যাহাৰ কৰা হ’ব।
২৭ জানুৱাৰীৰ পৰা ব্রিটেইনত মাস্ক পিন্ধাটো বাধ্যতামূলক নহয়। ৱর্ক ফ্রম হোম আৰু বাধ্যতামূলক নহয়। সামাজিক সমাবেশ বা বাৰ–ৰেস্তোৰাঁ বা নাইট ক্লাবলৈ যাবলৈ হ’লে প্রয়োজন নাই কোভিড প্ৰমাণ-পত্রৰ। কাম বা বিনোদনৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাতো আৰু কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকে। ব্রিটেইনৰ দৰে স্পেইনেও সকলো কোভিডবিধি উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।













