লংকাৰ পৰা মনোজ কুমাৰ পাঠক
তৃতীয় পৰ্যায়ৰ কেবিনেট বৈঠকৰ পৰা উভতা পথত মুখ্যমন্ত্ৰী নিদেৰ্শ মৰ্মে হোজাই জিলাত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশব মহন্ত। মন্ত্ৰীগৰাকী উপস্থিত হৈ হোজাইৰ শঙ্কৰদেৱ নগৰৰ আৱৰ্ত ভৱনত (CIRCUIT HOUSE) অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন, স্বয়ম ইত্যাদি বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে হোজাইৰ কভিড পৰিস্থিতি সম্পৰ্কে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মীৰ সৈতে বুজ লয় মন্ত্ৰীগৰাকীয়ে। লগতে যিসকল লোকে বন্ধন বেংক তথা অনান্য বেংকত কিস্তি পৰিশোধ কৰিছিল চৰকাৰে ঘোষণা কৰা অনুসৰি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হোজাইৰ হিতাধিকাৰী সকলকো প্ৰদান কৰা হ’ব চেক বুলি মত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।